প্ৰেমৰ স্তৱক

(পুলক জ্যোতি শৰ্মা)

প্ৰেম এটি সুৰীয়া সোঁত

হৃদয়ৰ পৰা হৃদয়লৈ হয় ধাৱমান

বাধাৰ প্ৰাচীৰ কৰি থানবান

-----


প্ৰেম বহাগৰ প্ৰথমজাক বৰষুণ

ধূলিয়ৰি পৃথিৱী কৰে চিকুণ

শুষ্কতা ধুই-মচি জগাই সেউজী সপোন

-----


প্ৰেম এটি যুগ যুগান্তৰৰ কবিতা

চিৰ নতুন

কাহানিও পুৰণি নোহোৱা


********